আৰতী বৰা
আৰতী বৰা পঞ্চমমানত পঢ়ি থকা বাৰ অসমীয়াৰ বাইদেৱে পূজা বিষয়ে ৰচনা এখন লিখিব দিলে৷ অংক আৰু বিজ্ঞানৰ তুলনাত অসমীয়া বহুত ভালপাওঁ৷ ৰচনাও বৰ বেয়া নাপাওঁ৷ বিহু বানপানী আৰু গৰুৰ ওপৰত ৰচনা অসমীয়া আৰু ইংৰাজী দুয়োটি ভাষাতে লিখিব পৰা হৈছোঁ৷ লিখা বুলি ক’লে ভুল হব৷ মুখস্থ লিখা হয়৷ কেতিয়াবা ডি কাও ইজ আ ফৰফুটেদ ডমস্টিক এনিমেল আছিল নে ডমস্টিক ফৰফুটেদ এনিমেল আছিল পাহৰি যাওঁ৷ ৰচনা লিখিব দিয়াত অলপ দিগদাৰ লাগিল৷ ঘৰত থকা ৰচনা বিচিত্ৰা ৰচনা চয়ন বিচাৰি খোডালি শেষ৷ নিজৰ ভাষাত লিখিব লোৱা আৰু এন্ডড়ইদ ফো ন এৰি ৱিন্দওজ ফোন চলাব যোৱাৰ লেখিয়া কথা৷ চব জানো কিন্ত একো নাজানো অৱস্থা৷ পূজা চাবলৈ আহোঁতে গীতাক লগ পাই সুধিলো৷ তাই নিজৰ ভাষাত লিখা বুলি ক’লে৷ ময়ো ঘৰত থকা আকাশবাণী গৰিয়সী পূজাসংখ্যা বাতৰিকাকত কেইখনমান পঢ়ি যি বুজিলো তাকেই লিখি দিলো৷ পূজাৰ পিছত বাইদেৱে দুদিনৰ সময় ল’লে৷ দুদিনৰ পিছত বাইদেৱে ক’লে যে তেওঁ...