গল্প 9 :: খোজ
গল্প :: খোজ আইনাৰ সন্মুখত বহি লাহে লাহে মুৰটো আছুৰিলে নীলাক্ষীয়ে। মুখত ক্ৰিম অকন বুলাই সেন্দুৰৰ আঁকটো দিলে। সৌৰভীৰ মাত শুনি ওলায় আহিল তাই। স্কুললৈ যাব ওলাইছে সৌৰভী। টিফিনৰ পৰা আৰম্ভ কৰি পেন্সিলডাললৈকে চব মাকেই যতনাই দিব লাগে তাইক। তাই ওলায় নোযোৱালৈকে নীলাক্ষীৰো আজৰি নাই। কিযে হব এই ছোৱালীজনীৰ বুলি ভাবোতেই মুখত হাঁহি এটাহে বিৰিঙি গ'ল নীলাৰ। জান আৰু নীলা একেখন নৱোদয়তে পঢ়া। বাল্য বন্ধু, শক্তিশালী প্ৰতিপক্ষ আৰু নিৱিড়তম সংগী। প্ৰতিটো পৰীক্ষাতেই দুয়োৰে প্ৰতিযোগিতা। নেচনেল টেনিচত ভাগ লবলৈ জান অকলে যেতিয়া হিমাচল যাব লগা হ'ল তেতিয়াহে সি অনুভৱ কৰিলে, নীলাৰ সাহচৰ্য্য। ৰিজনেল খেলিবলৈ ডিমাপুৰলৈ যোৱা নীলায়ো অনুভৱ কৰিলে একেই ৰিক্ততা। ৰঙা কৃষ্ণচূড়াডালৰ তলত সৰি পৰা প্ৰতিটো ফুলতেই যেন নীলাই লিখি দিব জানৰ নাম! সময় দুয়োজনে নল'লে। টুৱেল্ভৰ ফাইনেল পৰীক্ষা মানেই যে দুৰত্বৰ অঘোষিত দেৱাল বুজি পাইছিল জানে। স্কুল এৰাৰ আগতেই সি প্ৰতিশ্ৰুতি দিছিল, আজীৱন তাইৰ হৈয়ে থকাৰ। কলেজ হোস্টেল খোলা আছিল যদিও দেৱালী বুলি নীলা ঘৰলৈ আহিছে। মনতো বহুত ৰঙীয়াল। নহ'বনো কিয়, জানৰ সপোন পূৰণ হ'ল। ভাৰতীয় বায়ুসে...