অনুগল্প : ৪৬- বটল
হস্পিতালৰ বিচনাত বাগৰি থকা ৰমণী গায়নে এবাৰ চাৰিওফালে চকু ফুৰালে। চকুৰে ভালকে নমনে যদিও তেঁও বিচনাৰ ওচৰতে থকা দৰৱৰ বিভিন্ন আকাৰৰ বটল কেইটা থিকেই ধৰিব পাৰিলে। চেলাইনৰ বটল, দৰৱৰ বটল সকলোৰে নিৰ্দ্দিস্ট আকাৰ আকৃতি। অলপ দূৰত দেখিলে মহিলা এজনীয়ে সদ্যোজাত সন্তান এটাক বটলেৰে গাখীৰ খুৱাব চেস্টা কৰিছে। সেই বটলটোৰো আকাৰ নিৰ্দ্দিস্ট। অন্যফালে এজন ৰোগীৰ বাবে দৰৱৰ বটলটোৰ পৰা চামুচেৰে দৰৱ উলিয়াৱ চেস্টা কৰি থকা সেইগৰাকী হয়তো পৰিয়ালৰে কোনো সদস্য। প্ৰতিখন বিচনাৰ ওচৰতে থকা টেবুলত পানীৰ বটলৰ পৰা আৰম্ভ কৰি দৰৱ আৰু কিবা কিবি খোৱা বস্তু । গায়নে অনুভৱ কৰিলে বটলবিহীন জীৱন আজিৰ দিনত অলীক কল্পনাহে দেখোন। গাখীৰখোৱা বটলৰ পৰা আৰম্ভ কৰি গোটেই জীৱন পানীৰ বটল, দৰৱৰ বটল, তেল- মচলাৰ বটল, চকলেট- চিপচৰ বটল এইবোৰ কঢ়িয়াই থাকোতেই যায়। আনকি জীৱনৰ শেষ মুহূৰ্তটো বটলৰ পৰা উলিওৱা গংগাজলেৰে পাপী দেহাটো শুদ্ধ কৰি দিয়া হয়। জীৱনৰ প্ৰতিটো ঘটনাই দেখোন একো একোটা বটল। যাৰ পৰা ওলায় পৰা দ্ৰব্যবিধে আমাৰ জীৱনৰেই ৰং সলনি কৰি পেলায়। আমিবোৰেও নিজক বটলৰ খোলা ভিতৰতেই আৱদ্ধ কৰি ৰাখো। কথাখিনি তামোলৰ নিচিনাকৈ মনত পাগুলি থাকোতেই কেতিয়া টোপনিৰ বটলট...